পবা বর্ষাৰণ্য
অৰুণাচল প্রদেশৰ গাতে লাগি থক পবা বর্ষাৰণ্য ধেমাজি জিলাত অৱস্থিত। ১৯২৪ চনত ব্রিটিছৰ শাসন কালতে পবাইসংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰিছিল। বনাঞ্চলখনে ১০.২২১হেক্টৰ বনভূমি আগুৰি আছে। পবা জৈৱ-বৈচিত্র্যৰে ভৰপূৰ। পবা বনাঞ্চল বিভিন্ন গছ-লতা, দুপ্রাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি, অর্কিড আৰু নানা ঔষধি গছ-লতাৰে সমৃদ্ধিশালী। বনাঞ্চলখন পৰিৱেশ অধ্যয়নৰ ক্ষেত্ৰ হিচাপেও ব্যৱহাৰ হৈ আহিছে। বনাঞ্চলখনৰ কাষেৰে চিয়াং নদীখন বৈ […]