My Phonebook
- অইন -বিশেষণ, সর্বনাম আন; অপৰ; অন্য ৷
- অঋণী -বিশেষণ যাৰ ঋণ নাই; নিধৰৱা। বিপৰীত ঋণী।
- অংশ -বিশেষ্য খণ্ড; ভাগ; ডোখৰ ; পৰিমাণ। বিশেষণ আংশিক।
- অংশী -বিশেষ্য অংশ থকা; ভাগ থকা।
- অংশীদাৰ -বিশেষ্য ধন-সম্পত্তি বা ব্যৱসায়ৰ অংশৰ গৰাকী; ভাগ পাওঁতা।
- অংশু -বিশেষ্য কিৰণ; ৰশ্মি; প্রভা; দীপ্তি ।
- অংশুমান, অংশুমালী -বিশেষ্য যাৰ কিৰণ আছে; সূর্য; আদিত্য।
- অঁকৰা -বিশেষণ কথা ক’ব নোৱৰা ; অজলা। স্ত্রীলিঙ্গ আঁকৰী ।
- অঁকা -ধাতু আনৰ হতুৱাই অংকন কৰা। বিশেষ্য অঙ্কন।
- অকাঁৰী -বিশেষণ নিকা নকৰা। ⇒ অকাঁৰী চাউল।
- আঁটা -বিশেষণ টানকৈ বন্ধা ।
- অঁড়া -বিশেষ্য তাঁৰা দ্রষ্টব্য। অঁতা ধাতু পৰিষ্কাৰ কৰ্
- অঁৰা -বিশেষ্য চাৰিটা সৰু বস্তুৰ লেখ।
- অঁহীয়া -বিশেষণ আঁহ থকা ।
- অকঁটলা -বিশেষণ কাঁইট বা ডাল-পাত গুচাই নিমজ নকৰা; নকটলা ।
- অকটুৰ -বিশেষণ কটুৰ বা টান নোহোৱা; ৰস বা জীপ থকা ।
- অকঠিন -বিশেষণ ঢিলা; কোমল; উজু। অকণ, অকণি বিশেষণ কম পৰিমাণৰ
- অকণমান – এখুদ; সৰু; ক্ষুদ্ৰ ৷
- অকণ্টক -বিশেষণ কাঁইট নথকা ।
- অকতিয়াই -পকতিয়াই ক্রিয়া-বিশেষণ ঘূৰাই-পকাই (বিশেষকৈ চোবোৱাত খাটে)।