babuprinter2018

টুচু পৰব | Tusu Festival in Assamese

চাহ-জনগোষ্ঠীৰ টুচু পৰব ‘টুচু পৰব’ক চাহ-জনগোষ্ঠীৰ মাঘ বিহু বা ভোগালী বিহু বুলি ক’ব পাৰি। চাহ-জনগোষ্ঠীৰ লোকে নিজস্ব পৰম্পৰাৰে এই উৎসৱ পালন কৰিলেও ভোগালী বিহুৰ লগত ইয়াৰ ভালেমান সামঞ্জস্য আছে। টুচু পৰব মাঘ বিহুৰ উৰুকাৰ দিনা আৰম্ভ হয় আৰু মাঘ বিহুৰ অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনা সমাপ্ত হয়। ‘টুচু পৰব’ত টুচু দেৱীক পূজা কৰাৰ পৰম্পৰা আছে। অসমীয়া […]

টুচু পৰব | Tusu Festival in Assamese Read More »

হুদুমদেও পূজা | Hudumodeo Puja

অসমৰ পশ্চিম গোৱালপাৰাত অতি প্রাচীনকালৰে পৰা চলি অহা এক কৃষিভিত্তিক লোক-উৎসৱ হ’ল হুদুমদেও পূজা। চ’ত মাহত অনাবৃষ্টি হ’লে বৰষুণৰ কামনাৰে এই পূজা পালন কৰা হয়। এই পূজাত কেৱল নাৰীয়েহে অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত পুৰুষে ভাগ লোৱাটো নিষিদ্ধ তোৱা নদীৰ পূবফালৰ লোকসকলে অনাদি কালৰে পৰাই এই ‘হুদুমদেও পূজা’ পালন কৰি আহিছে। অনাবৃষ্টিৰ ফলত পথাৰবোৰ যেতিয়া ছিঁৰাল

হুদুমদেও পূজা | Hudumodeo Puja Read More »

বাথৌ পূজাৰ ইতিহাস | Bathow Puja in Assamese

বড়ো জনগোষ্ঠীৰ বাথৌ পূজা অসমৰ প্ৰধান লোক-উৎসৱবোৰৰ ভিতৰত অন্যতম। শিৱ বা বাথৌভক্ত বড়োসকলে বাথৌক যিকোনো সৃষ্টি বা উৎপত্তিৰ মূল হিচাপে গণ্য কৰে। তেওঁলোকে বিশ্বাস কৰে যে পৃথিৱীৰ মূল শাসক-শাসিকা হৈছে বাথৌ বুঢ়া আৰু বাথৌ বুঢ়ী অর্থাৎ হৰগৌৰী। বাথৌ পূজাৰ বাবে ঘৰৰ উত্তৰ-পূব দিশত সিজু গছ ৰোৱা হয়। সিজু গছক বড়ো সমাজে শান্তি-সম্প্রীতি আৰু ৰক্ষণাবেক্ষণৰ প্ৰতীক

বাথৌ পূজাৰ ইতিহাস | Bathow Puja in Assamese Read More »

খেৰাই উৎসৱৰ ইতিহাস | History of Kherai Festival in Assamese

বড়োসকলৰ জাতীয় উৎসৱ বড়োসকলৰ জাতীয় জীৱনক তুলি ধৰা প্ৰধান উৎসৱটো হ’ল ‘খেৰাই উৎসৱ’। ‘খেৰাই’ শব্দৰ ব্যুৎপত্তিগত অৰ্থ হৈছে ‘হাঠু খেৰাইনা ৰাইছং’ অৰ্থাৎ আঁঠু কাঢ়ি দেৱতাৰ নাম লোৱা বা প্ৰাৰ্থনা কৰা। খেৰাই উৎসৱ বড়োসকলৰ বাবে একপ্ৰকাৰৰ শিৱ-পূজা। মূলত তিনিটা উদ্দেশ্যত বড়োসকলে খেৰাই পূজা পালন কৰে। (ক) আহুখেতি আৰু বৰ্ষাকালৰ খেতি-বাতিৰ মংগলৰ কাৰণে আহাৰ বা শাওন মাহৰ

খেৰাই উৎসৱৰ ইতিহাস | History of Kherai Festival in Assamese Read More »

শেন-কণুৱাৰ যুঁজ | Shen Konuwar jug in Assamese

আহোম যুগৰ খেল-ধেমালিবোৰৰ ভিতৰত শেনযুঁজ অন্যতম। শেন যুঁজ তদাৰক কৰাজনক ‘শেনচোৱা বৰুৱা’ বুলি কোৱা হৈছিল। শেনচোৱাবিলাকে যুঁজৰ বাবে বছা বছা শেন লৈ আহে। ৰজা-প্রজা সকলো এই খেল চাবলৈ বুলি গোট খায়। এই খেলত জিকা শেনৰ ওজাই ৰজাঘৰৰ বঁটা-বাহন পায়। অসম বুৰঞ্জীত উল্লেখ আছে এনেদৰে— “সন্দিকৈ বৰফুকনেই প্রথম হিলৈ চৰা নাৱক দুইমূৰে মগৰ লগাই বাবলৈ নাওবৈচা

শেন-কণুৱাৰ যুঁজ | Shen Konuwar jug in Assamese Read More »

হাতী যুঁজৰ ইতিহাস | Hati Jus in Assamese

হাতীযু্ঁজ আহোম যুগৰ এক উল্লেখযোগ্য খেল । দেওধাই বুৰঞ্জী মতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা এই খেলৰ প্ৰচলন হয় । যুঁজৰ বাবে হাতীবোৰক কিছুদিন আগৰেপৰা পুৱা-গধূলি বৰা চাউলৰ ভাত আৰু মাটিমাহ খুৱাই সাজু কৰা হৈছিল । অসমৰ অন্যতম এবিধ প্রাচীন খেল হ’ল হাতীযুঁজ ৷ আহোম যুগৰ খেলধেমালিবোৰৰ ভিতৰত হাতীযুঁজ অন্যতম। বুৰঞ্জীৰ তথ্য অনুসৰি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰে

হাতী যুঁজৰ ইতিহাস | Hati Jus in Assamese Read More »

বুলবুলি চৰাইৰ যুঁজ | Bulbuli Chorair juj in Assamese

তীৰ্থ নগৰী হাজোত ৰাজপৃষ্ঠপোষকতাত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হৈছিল। জনশ্রুতি অনুসৰি স্বৰ্গদেউ প্রমত্ত সিংহই এবাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈ বুলবুলি চৰাইৰ যুঁজ লাগি থকা দেখিছিল। তাতেই স্বৰ্গদেৱে বৰ ৰং পাই শেন-কণুৱা যুঁজৰ পৰিৱৰ্তে বুলবুলি চৰাইৰ যুঁজৰ পৰম্পৰাৰ আৰম্ভণি কৰিলে। বিভিন্ন ঠাইৰ পৰা বুলবুলি চৰাই ধৰি আনি হাজোৰ এই যুঁজৰ বাবে চৰাইটোক সুস্থ-সবল কৰি

বুলবুলি চৰাইৰ যুঁজ | Bulbuli Chorair juj in Assamese Read More »

ম’হযুঁজৰ ইতিহাস | Mohjus History Essay in Assamese

আহোম যুগৰ কেইবিধমান খেল-ধেমালি আহোম স্বৰ্গদেউৰ দিনত সাধাৰণতে মাঘ বিহু উপলক্ষে ভালেমান ‘যুঁজ’ আয়োজন হৈছিল। সেইবোৰৰ ভিতৰত ম’হযুঁজ, শেনযুঁজ, হাতীযুঁজেই প্রধান। বুৰঞ্জীৰ তথ্য অনুসৰি আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই ধৰণৰ খেল চাবৰ বাবে পোন্ধৰ-ষোল্লহতীয়া শালকাঠৰ খুঁটাৰ ওপৰত একোখন চাং নিৰ্মাণ কৰিছিল। অৱশ্যে প্রমত্তসিংহই বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰি প্ৰজাসকলক খেল-ধেমালি চাবলৈ সুবিধা কৰি দিছিল। পুৰণি অসমৰ ‘যুঁজ’ৰ

ম’হযুঁজৰ ইতিহাস | Mohjus History Essay in Assamese Read More »

কৰ্ম পৰব বা কম পূজা | Karam Festival in Assamese

কৰম পৰব বা কৰম পূজা অসমৰ চাহ জনজাতি লোকৰ প্ৰধান উৎসৱ। কৃষি তথা উৰ্বৰতাৰ পৰবৰূপে উদযাপিত হোৱা এই উৎসৱে চাহ জনজাতি লোকৰ নিজস্ব কলা-সংস্কৃতিৰ ঐতিহ্য বহন কৰে। বছৰৰ তিনিটা সময়ত কৰম পৰব উদযাপিত হয়। ভাদ মাহৰ শুক্লা একাদশী তিথিত অনুষ্ঠিত কৰম পৰবক ‘জিতিয়া কম’, আহিন মাহৰ বিজয়া দশমী তিথিত পালন কৰা কৰম পৰবক ‘বুঢ়ী কৰম’

কৰ্ম পৰব বা কম পূজা | Karam Festival in Assamese Read More »

বাঁহ পূজাৰ ইতিহাস | Bah Puja in Assamese

বাঁহৰ লগত জড়িত বিভিন্ন লোক-বিশ্বাস আৰু লোক-পৰম্পৰাৰে অসমৰ জনগোষ্ঠীসমূহ সমৃদ্ধ। লোক-সঁজুলি, লোকবাদ্যত বাঁহৰ ব্যৱহাৰ অপৰিহাৰ্য। বাঁহপূজাৰ মাজেৰে কেইবাটাও জনগোষ্ঠীৰ উমৈহতীয়া সাংস্কৃতিক উপাদান পৰিস্ফুট হোৱা লক্ষ্য কৰা যায়। বাঁহপূজাৰ পৰম্পৰা অসমত কেতিয়াৰ পৰা আৰম্ভ হ’ল নাইবা কোন জনগোষ্ঠীৰপৰা এই পূজাই ক্ৰমাৎ পৰিচিতি লাভ কৰিলে, তাৰ সঠিক ব্যাখ্যা পোৱা নাযায়। ড° প্রফুল্ল দত্ত গোস্বামীয়ে বাঁহপূজাৰ অন্যতম দুটা

বাঁহ পূজাৰ ইতিহাস | Bah Puja in Assamese Read More »