babuprinter2018

পাভ বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Pabha Abhayaranya History Essay in Assamese

পাভ বন্যপ্রাণী অভয়াৰণ্য Pabha Wildlife Sanctuary in Assamese ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অসম আৰু অৰুণাচল প্রদেশৰ সীমান্ত অঞ্চল জুৰি থকা পাভ অভয়াৰণ্য লখিমপুৰ জিলাৰ অন্তৰ্গত। লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্ত প্রায় ৪৯ বর্গ কিলােমিটাৰ মাটিকালিৰে পৰিৱেষ্টিত পাভ বন্যপ্রাণী অভয়াৰণ্য উত্তৰ লখিমপুৰ নগৰৰপৰা দক্ষিণে প্রায় ২০ কিলােমিটাৰ দূৰত্বত অৱস্থিত। ১৯৩৬ চনৰ বন বিভাগৰ এক অধিসূচনা (২০৬৮ আৰ, ১৩ জুন) […]

পাভ বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Pabha Abhayaranya History Essay in Assamese Read More »

পানীদিহিং পক্ষী অভয়াৰণ্যৰ ইতিহাস | Panidihing Bird Abhayaranya History Essay in Assamese

পানীদিহিং পক্ষী অভয়াৰণ্য Panidehing Wildlife Sanctuary in Assamese বিশাল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত, শিৱসাগৰ নগৰৰপৰা উত্তৰে প্ৰায় ১৫ কিলােমিটাৰ নিলগত অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্য হ’ল দীপৰ বিল আৰু বৰদৈবাম-বিলমুখৰ পিছতেই পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতি পােৱা অসমৰ তৃতীয়খন অভয়াৰণ্য। ১৯৯৫ চনলৈকে পানীদিহিং চিকাৰ ক্ষেত্ৰ হিচাপেই পৰিচিত আছিল। কিন্তু ১৯৯৬ চনৰ ১৮ ডিচেম্বৰত ১৯৭২ চনৰ বন্যপ্রাণী সুৰক্ষা আইনৰ

পানীদিহিং পক্ষী অভয়াৰণ্যৰ ইতিহাস | Panidihing Bird Abhayaranya History Essay in Assamese Read More »

পবিতৰা অভয়াৰণ্যৰ ইতিহাস | Pobitara Abhyaranya History Essay in Assamese

পবিতৰা অভয়াৰণ্যৰ ইতিহাস Pobitora Wildlife Sanctuary in Assamese প্রাকৃতিক সৌন্দর্যৰে অনুপম পবিতৰা অভয়াৰণ্য গুৱাহাটী মহানগৰীৰপৰা প্রায় ৪০ কিলােমিটাৰ পূবত মৰিগাঁও জিলাৰ মায়ং মৌজাত অৱস্থিত। আকৃতিৰ ফালৰপৰা পবিতৰা অভয়াৰণ্য বেছি ডাঙৰ নহ’লেও বন্যপ্রাণীৰ বাবে পবিতৰা সুবিধাজনক আৰু সুচল বাসস্থান। ১৯২৩-২৫ চনত ইয়াত পােনপ্ৰথমবাৰৰ বাবে এটা খড়গযুক্ত গঁড়ৰ সন্ধান পােৱা যায়। ১৯৭১ চনৰ ১৮ নৱেম্বৰ তাৰিখে অবিভক্ত

পবিতৰা অভয়াৰণ্যৰ ইতিহাস | Pobitara Abhyaranya History Essay in Assamese Read More »

পবা বর্ষাৰণ্য

অৰুণাচল প্রদেশৰ গাতে লাগি থক পবা বর্ষাৰণ্য ধেমাজি জিলাত অৱস্থিত। ১৯২৪ চনত ব্রিটিছৰ শাসন কালতে পবাইসংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰিছিল। বনাঞ্চলখনে ১০.২২১হেক্টৰ বনভূমি আগুৰি আছে। পবা জৈৱ-বৈচিত্র্যৰে ভৰপূৰ। পবা বনাঞ্চল বিভিন্ন গছ-লতা, দুপ্রাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি, অর্কিড আৰু নানা ঔষধি গছ-লতাৰে সমৃদ্ধিশালী। বনাঞ্চলখন পৰিৱেশ অধ্যয়নৰ ক্ষেত্ৰ হিচাপেও ব্যৱহাৰ হৈ আহিছে। বনাঞ্চলখনৰ কাষেৰে চিয়াং নদীখন বৈ

পবা বর্ষাৰণ্য Read More »

নামবৰ-দৈঘ্ৰোং অভয়াৰণ্যৰ ইতিহাস | Nambor Doigrung Abhayarana History Essay in Assamese

নামবৰ-দৈঘ্ৰোং অভয়াৰণ্য Nambor Doigrung Wildlife Sanctuary in Assamese গােলাঘাট জিলাত অৱস্থিত নামবৰ দৈঘ্ৰোং অভয়াৰণ্যখনে প্রায় ৯৭.১৫বর্গ কিলােমিটাৰ অৰণ্যভূমি বিস্তৃত হৈ আছে। গােলাঘাট সংমণ্ডলৰ তিনিখন অৰণ্য, যেনেঃ ল’ৱাৰ দৈঘ্রোং, আপাৰ দৈঘ্রোং আৰু নামবৰৰ উত্তৰ অংশৰ কিছু অংশ লৈ ২০০৩ চনৰ ৩১ এপ্রিলত এই অভয়াৰণ্যখন গঠন কৰা হয়। অভয়াৰণ্যখন বিশেষকৈ গৰমপানীৰ উহ আৰু হলৌ বান্দৰৰ বাবে বিখ্যাত।

নামবৰ-দৈঘ্ৰোং অভয়াৰণ্যৰ ইতিহাস | Nambor Doigrung Abhayarana History Essay in Assamese Read More »

নামবৰ বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Nambor Bonyaprani Abhayarana History Essay in Assamese

নামবৰ বন্যপ্রাণী অভয়াৰণ্য Nambor Wildlife Sanctuary জৈৱ-বৈচিত্র্যৰে ভৰপূৰ নামৰ সংৰক্ষিত বনাঞ্চল গােলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত। ১৮৭২ চনৰ ৯ আগষ্টত গােলাঘাট মহকুমাৰ প্রায় ১,৪১,৩৬৪ হেক্টৰ বনাঞ্চলক নামবৰ সংৰক্ষিত বনাঞ্চলৰূপে ব্রিটিছসকলে নামকৰণ কৰে। উল্লেখযােগ্য, ৰাছিয়াৰ অচিৱাইল বনাঞ্চল আৰু নামবৰ বনাঞ্চলেই বনাঞ্চলৰ স্বীকৃতি লাভ কৰা পৃথিৱীৰ ভিতৰত পুৰণি বনাঞ্চল। যি সময়ত ব্রিটিছসকলে নামবৰক সংৰক্ষিত বনাঞ্চল হিচাপে

নামবৰ বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Nambor Bonyaprani Abhayarana History Essay in Assamese Read More »

দীপৰ বিল পক্ষী অভয়াৰণ্য | Deepor Beel Pokhi Abhayarana History Essay in Assamese

দীপৰ বিল পক্ষী অভয়াৰণ্যৰ ইতিহাস Deepor Beel Bird Sanctuary ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গুৱাহাটী মহানগৰীৰপৰা ১৮ কিলােমিটাৰ পশ্চিম কোণত অৱস্থিত দীপৰ বিল অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্য। পৃথিৱীৰ মানচিত্ৰত দীপৰ বিল ২৬°০৩ উত্তৰৰপৰা ২৭°০২ উত্তৰ অক্ষাংশ আৰু ৯২°৩৯ পূবৰপৰা ৯২°৫৫ পূর্ব দ্রাঘিমাংশত অৱস্থিত। সাগৰপৃষ্ঠৰপৰা দীপৰ বিলৰ উচ্চতা ১৬৫-১৮৬ ফুট। বাৰিষা বিল, | জলাশয় আদিকে ধৰি দীপৰ বিলৰ মাটিকালি

দীপৰ বিল পক্ষী অভয়াৰণ্য | Deepor Beel Pokhi Abhayarana History Essay in Assamese Read More »

দিহিং পাটকাই অভয়াৰণ্যৰ ইতিহাস | Dehing Patkai Abhayarana History Essay in Assamese

দিহিং পাটকাই অভয়াৰণ্য Dehing Patkai Wildlife Sanctuary ২০০৪ চনৰ ১৩ জুন তাৰিখে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ, আপাৰ-দিহিং আৰু দিক অভয়াৰণ্যক সামৰি দিহিং পাটকাই বৰ্ষাৰণ্য গঠন কৰা হয়। উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গােষ্ঠী ‘নেচাৰ্ছ বেকন’-এ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ, আপাৰ-দিহিং আৰু দিক অভয়াৰণ্যৰ ৫০০ বর্গ কিলােমিটাৰ অৰণ্য অঞ্চলক সামৰি অভয়াৰণ্য গঠনৰ বাবে প্রবল আন্দোলন

দিহিং পাটকাই অভয়াৰণ্যৰ ইতিহাস | Dehing Patkai Abhayarana History Essay in Assamese Read More »

জয়পুৰ বৰ্ষাৰণ্য | Joypur Borkharanya History Essay in Assamese

জয়পুৰ বৰ্ষাৰণ্য Joypur Rain Forest প্রকৃতিৰ এক অদ্বিতীয় সৌন্দর্যৰ উদাহৰণ জয়পুৰ বৰ্ষাৰণ্য ১০৮ বর্গ কি.মি. এলেকা জুৰি বিয়পি আছে। এই বর্ষাৰণ্যখন অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াৰ ওচৰৰ জয়পুৰত অৱস্থিত। এই বর্ষাৰণ্যখনৰ বিশেষত্ব হল ইয়াৰ চহকী জৈৱ বৈচিত্র। ইয়াৰ পূব আৰু দক্ষিণত অৰুণাচল প্রদেশ আৰু পশ্চিমত শিৱসাগৰ জিলা। এই সংৰক্ষিত বনাঞ্চলখন আই বি চি আই অসম উপত্যকা

জয়পুৰ বৰ্ষাৰণ্য | Joypur Borkharanya History Essay in Assamese Read More »

চক্ৰশীলা অভয়াৰণ্যৰ ইতিহাস | Chakrasila Abhayanrana History Essay in Assamese

চক্ৰশীলা অভয়াৰণ্য  History of Chakrasila Wildlife Sanctuary in Assamese ধুবুৰী চহৰৰপৰা প্রায় ৬৮ কিলােমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত চক্ৰশীলা অভয়াৰণ্য ধুবুৰী জিলাৰ প্রায় ৪,৫৫৭ হেক্টৰ (৪৫ বর্গ কিলােমিটাৰ) অঞ্চল আগুৰি আছে। এই অভয়াৰণ্য ধুবুৰী বন সংমণ্ডলৰ অন্তৰ্গত। ১৯৯৪ চনৰ ১৪ জুলাইত সংৰক্ষিত বনাঞ্চলখনক অসম চৰকাৰে অভয়াৰণ্যলৈ ৰূপান্তৰিত কৰে। অভয়াৰণ্যখনৰ চাৰিওফালে পাহাৰে আৱৰি আছে আৰু অভয়াৰণ্যখনৰ দুইমূৰে

চক্ৰশীলা অভয়াৰণ্যৰ ইতিহাস | Chakrasila Abhayanrana History Essay in Assamese Read More »