ৰংঘৰৰ ইতিহাস | Rang Ghar in Assamese

ৰংঘৰ History of Rang Ghar in Assamese

ৰংঘৰ হ’ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল।শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ মান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম’হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। ই তলাতল ঘৰৰ উত্তৰে, জয়সাগৰৰ পশ্চিমে, অসম ট্ৰাঙ্ক ৰোডৰ দাঁতিত অৱস্থিত।

স্থাপত্য

ৰংঘৰৰ নিৰ্মাণ-শৈলীত ইচলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছে। ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভূজ আকৃতিৰ। দুই মূৰ আগবঢ়াই ট্ৰেপেজিয়ামৰ আকৃতি দিয়া হৈছে। সামগ্ৰিক ভাৱে ৰংঘৰৰ গাঁঠনিয়ে এটা অষ্টভূজৰ ৰূপ লৈছে। ৰংঘৰৰ চাল অৰ্দ্ধ-বৃত্তাকৃতিৰ, এটা ওভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভেৰীয়া গাঁঠনিয়ে চালখনক ধৰি ৰাখিছে। চূড়াত নিৰ্মাণ কৰা মগৰমুখী নাওৰ আকৃতিয়ে ৰংঘৰৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহকণী, বৰা চাউল আদি সামগ্ৰীৰে কৰাল তৈয়াৰ কৰা হৈছিল।

ইতিহাস History of Rang Ghar in Assamese

সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল যদিও পূূূূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ খ্ৰীষ্ঠাব্দত। ৰংঘৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল। বিশেষকৈ বৰালি মাছ,বৰা চাউল,হাঁহ কণী,মাটি মাহ অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণক বিশেষ ভাৱে চিমেণ্ট প্ৰস্ত্তত কৰাৰ লগতে মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ইয়াৰ দেৱালসমূহত দেৱ-দেৱীৰ, সিংহ, হাতী আদি বিভিন্ন চিত্ৰ অংকন কৰিছিল। ৰংঘৰৰ আকৃতি দুই খলপীয়া ইটাবৰণীয়া এটা খেল উপভোগ কৰা ঘৰ। ই দেখিবলৈ হাঁহ কণীৰ দৰে। ৮৮ফুট আৰু ৩৬.৫ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজপৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত। ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমক শাসনলৈ অনা পাছত ব`থান নামৰ ইংৰাজ বিষয়াজনে ১,৩০০টকাত ৰংঘৰ আৰু তলাতল,কাৰেংঘৰ বেৰ দুখন কেনকণ আলিক বিক্ৰী কৰিছিল। ৰংঘৰৰ সন্মুখত আন এটা সৰু পকী ৰংঘৰ আছিল, যিটো কেৰকণ আলিয়ে ধ্বংস কৰিলে।

Leave a Comment

Your email address will not be published. Required fields are marked *