কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস | Kaziranga National Park in Assamese Facts and History

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান History of Kaziranga National Park in Assamese

এটা খড়গযুক্ত গঁড়ৰ বাবে পৃথিৱী বিখ্যাত Kaziranga National Park অসমৰ গোলাঘাট আৰু নগাঁও জিলাৰ ৪৩০ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি থকা এখন ডাঙৰ বনভূমি। গুৱাহাটীৰপৰা পূবে ২১৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত কাজিৰঙাই হ’ল ৰাষ্ট্ৰীয় উদ্যানৰ Kaziranga National Park স্বীকৃতি পোৱা অসমৰ প্ৰথমখন বনভূমি। এই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ কথা কওঁতে এগৰাকী ব্ৰিটিছ মহিলাৰ প্রসংগ আহি পৰে। ১৯০০ চনৰ প্ৰথমৰ পৰাই ইংৰাজসকলে অসমত চাহ বাগান খোলাৰ কাম আৰম্ভ কৰিবলৈ লয়। তেতিয়া ইংৰাজসকলে আমোদ-প্ৰমোদৰ বাবে বহুতো জীৱ-জন্তুক হত্যা কৰিছিল আৰু বহুতো প্রাণীক নিজৰ বাগানৰ মাটি উলিয়াবলৈ যাওঁতেও হত্যা কৰিছিল

Kaziranga National Park

১৯০৩ চনত ইংৰাজসকলে জানিব পাৰে যে অসমৰ কাজিৰঙা নামৰ ঠাইত তিনিটা নখ আৰু এটা শিং থকা এটা জন্তু আছে। এই কথা ইংলেণ্ডত থকা ব্ৰিটিছ প্ৰশাসক লৰ্ড কাৰ্জনৰ পত্নী লেডি মেৰী ভিক্তোৰীয়া কাৰ্জনে জানিব পাৰে আৰু এই জন্তুটোকে চাবলৈ তেওঁ ১৯০৫ চনত এই অভয়াৰণ্যলৈ আহে। দুৰ্ভাগ্যবশতঃ তেওঁ এই অভয়াৰণ্যৰ উক্ত জন্তুটো দেখাৰ সৌভাগ্য নহ’ল। কিন্তু জম্তটোৰ ভৰিৰ খোজহে দেখিবলৈ পালে। অৱশেষত তেওঁ ইংলেণ্ডলৈ ঘূৰি যায় আৰু লৰ্ড কাৰ্জনক জন্তুবিধৰ সংৰক্ষণৰ কথা চিন্তা কৰিবলৈ কয়।

ফলস্বৰূপে লৰ্ড কাৰ্জনে পত্নীৰ অনুৰোধ ৰক্ষা কৰি ১৯০৫ চনৰ ১ মে’-ৰ পৰা ২৩২ কিলোমিটাৰ মাটিকালি সামৰি অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিবলৈ আগ্ৰহ প্রকাশ কৰে। অৱশ্যে তাৰ তিনি বছৰৰ পাছত বনাঞ্চলখনত মাটিকালি ১৫২ কিলোমিটাৰ পৰ্যন্ত বঢ়োৱা হয় আৰু ১৯০৮ চনৰ ৩ জানুৱাৰীৰ দিনা সেই সমগ্ৰ অৰণ্য অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে লৰ্ড কাৰ্জনে ঘোষণা কৰে। ১৯১৬ চনৰ ১০ নৱেম্বৰত ইয়াক মৃগয়াবন প্রমোদ উদ্যান) (Game Sanctuary ) হিচাপে ঘোষণা কৰা হৈছিল যদিও ‘মৃগয়া’ শব্দটোৱে চিকাৰৰ বৈধতাক সূচোৱা বাবে ১৯৫০ চনত কাজিৰঙাক বন্যপ্ৰাণী অভয়াৰণ্য বুলি ঘোষণা কৰা হয়।

১৯৩৭ চনত এই অভয়াৰণ্যক পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ প্রয়াসেৰে ১৯৫৪ চনত চৰকাৰে Assam Rhinoceros Bill গ্রহণ কৰে । ১৯৬৮ চনত The Assam National Park আইনখন বলৱত্ কৰি অভয়াৰণ্য হিচাপে গ্ৰহন কৰে। ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Kaziranga National Park মৰ্যাদা লাভ কৰে। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত ইউনেস্কৱে কাজিৰঙাক ‘বিশ্ব ঐতিহ্য অঞ্চল’ হিচাপে স্বীকৃতি প্রদান কৰে। ২০০৬ চনত ইয়াক ব্যাঘ্ৰ সংৰক্ষণ এলেকাৰ অন্তৰ্ভুক্ত কৰা হয়।

কাজিৰঙা নামটোৰ উৎপত্তি The origin of the name Kaziranga

কাজিৰঙা নামটোৰ ব্যুৎপত্তি সন্দৰ্ভত কিছু জনশ্ৰুতি আছে। কোনো এক জনশ্ৰুতিমতে, কাৰ্বি ডেকা কাজিয়ে ৰঙা নামৰ এগৰাকী গাভৰুক ভাল পাইছিল। কিন্তু তেওঁলোকৰ পৰিয়ালে সম্পৰ্কটোক মানি নোলোৱাত দুয়ো অৰণ্যৰ মাজত হেৰাই যায়। সেয়ে দুয়োৰে নামেৰে অভয়াৰণ্যখনৰ নাম কাজিৰঙা Kaziranga National Park হয় ।

আন এক জনশ্ৰুতিমতে, কাজিৰ-এ-ৰংগ যাৰ অৰ্থ কাজিৰৰ গাঁও। (কাৰ্বি ভাষাত কাজিৰৰ অৰ্থ ছোৱালী)। আনহাতে কাৰ্বি ভাষাত ‘কাজি’ মানে ছাগলী আৰু ‘ৰঙা’ মানে অসমীয়া ৰঙা শব্দৰ অৰ্থৰ সৈতে একে। অৰ্থাৎ ৰঙা ছাগলীৰ বাসভূমি হিচাপে কাজিৰঙাৰ নাম হয়। এই জনশ্ৰুতিৰ সপক্ষে ২০০২ চনৰ মাৰ্চৰ Traveller নামৰ মাহেকীয়া আলোচনীখনত এটা প্রবন্ধ প্রকাশ পাইছিল। প্রবন্ধটোত কাজিৰঙা সন্ৰ্পকে এনেদৰে লিখা আছিল Kaziranga means, “Where the mountain goat has water in the language of the Karbi Tribe”. আন এক জনশ্ৰুতিমতে এই অঞ্চলত পূৰ্বতে ‘কাজি’ নামৰ এগৰাকী বুঢ়ী আৰু ‘ৰঙাই’ নামৰ এজন বুঢ়া আছিল। কালক্ৰমত এই বুঢ়া-বুঢ়ীহালৰ নামৰ পৰাই কাজিৰঙা নামটো হ’ল।

আনহাতে ৬০০ বছৰ ৰাজত্ব কৰা আহোমসকলৰ সেনাপতি ফেচেং হাজৰিকাক এই অঞ্চলত কোনোবাই হত্যা কৰিছিল আৰু তেওঁৰ দেহৰ পৰা ‘কাজল ৰঙা’ বৰণৰ তেজ নিগৰিত হৈছিল। যি ‘কাজল ৰঙা’ তেজৰ পৰাই কালক্ৰমত নামটোৰ উৎপত্তি হ’ল বুলি বহুতে কব খোজে। আন এটা জনশ্রতিমতে এজন আহোম স্বৰ্গদেউৰ নিৰ্দেশমতে এজন গোসাঁইক এই ঠাইত হত্যা কৰা ৷ হৈছিল আৰু তেওঁৰ দেহৰ পৰা ওলোৱা ‘কাজল ৰঙা’ তেজৰ পৰা কাজিৰঙা নামটোৰ উৎপত্তি হৈছিল। সোতৰ শতিকাত আহোম স্বৰ্গদেউ প্রতাপ সিংহৰ দিনতে এই স্থানৰ নাম কাজিৰঙা আছিল বুলি জনা যায়।

চাৰিসীমা

এই অভয়াৰণ্যৰ উত্তৰে বিশাল ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে কাৰ্বি পাহাৰ, পূবে গোলাঘাট জিলাৰ বোকাখাত মহকুমা আৰু পশ্চিম দিশত আছে নগাঁও জিলাৰ জখলাবন্ধা। অভয়াৰণ্যত কঁহৰা, অগৰাতলী, বাগৰি আৰু বুঢ়াপাহাৰ – এই চাৰিটা প্ৰশাসনিক বনাঞ্চলত ভাগ কৰা হৈছে। এই বনাঞ্চল কেইখন কেইবাটাও ব্লকৰ অন্তৰ্ভুক্ত৷ সেইকেইটা হ’ল – বাগৰি, হালধিবাৰী, পাণবাৰী, ভৱানী, চাৰিঘৰীয়া, বৰালিমাৰা আৰু তামুলীপথাৰ।

ভৌগোলিক অৱস্থান Kaziranga’s geographical location

অভয়াৰণ্যৰ ভৌগোলিক অৱস্থান ২৬০৩০/ উত্তৰৰপৰা ২৬০৪৫/ উত্তৰ অক্ষাংশ আৰু ৯৩০০৮/ পূবৰপৰা ৯৩০৩৬/ পূব দ্ৰাঘিমাংশৰ ভিতৰত। অভয়াৰণ্যখন দীঘলে পূবৰপৰা পশ্চিমলৈ ৪০ কিলোমিটাৰ আৰু বহলে উত্তৰৰপৰা দক্ষিণলৈ ১৩ কিলোমিটাৰ।

জলবায়ু

উদ্যানখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। গ্ৰীষ্মকালত সকলোতকৈ বেছি বৰষুণ হয়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ১,৩২০ মিলিমিটাৰ। গড় সৰ্বোচ্চ তাপমান ৩৭ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিন্ন ৮.৯” ডিগ্ৰী চেলছিয়াছ। আৰ্দ্ৰতা শতকৰা ৮৫ শতাংশ।

উদ্ভিদৰাজিসমূহ

এই ৰাষ্ট্ৰীয় উদ্যানৰ Kaziranga National Park অৰণ্যৰাজিক চাৰিভাগত ভগাব পাৰি। সেইবোৰ হ’ল-_ ১) পলসুৱা ঘাঁহনি অঞ্চল ২) পলসুৱা ভূমিৰ অৰণ্য ৩) মিশ্র সেমেকা পৰ্ণপাতী অৰণ্য ৪) ক্ৰন্তীয় অৰ্ধ চিৰসেউজ অৰণ্য। “১৯৮৬ চনৰ তথ্য অনুসৰি ৪১ শতাংশ দীঘল ঘাঁহ, ১১ শতাংশ চুটি ঘাঁহ, ২৯ শতাংশ মুকলি হাবি, ৪ শতাংশ পিটনি,

৮ শতাংশ সৰু নদী, জলাশয় আৰু বাকী ৬ শতাংশ বালিৰে ভৰা।অভয়াৰণ্যখনৰ মাজেৰে বৰজুৰি, কঁহৰা, দিহিং, ভালুকজুৰি, দেওপানী, মৰা ডিফলি আদি সৰু নৈ আৰু জুৰি বৈ গৈছে।

এই অভয়াৰণ্যৰ বিশালতা আৰু ইয়াৰ জীৱানুকুল পৰিৱেশৰ বাবেই উদ্যানখনত বিভিন্ন প্ৰজাতিৰ গছ-গছনি আৰু পশু-পক্ষীৰ প্ৰাচুৰ্য দেখা যায়। ইয়াৰ উদ্ভিদৰাজিৰ ভিতৰত শিমলু, ও-টেঙা, চোম, আমলখি, কৰৈ, এজাৰ, ভেলকৰ, ভেলেউ, জামুক, ভেৰ, হিজল, বগৰী, আঁহত, বিভিন্ন প্রজাতিৰ ডিমৰু আদিয়েই প্রধান। ঘাঁহনি অঞ্চলত সততে দেখা কেইবিধমান ঘাঁহৰ প্ৰজাতি হৈছে – ইকৰা, নল, উলূখেৰ, খাগৰি, বিৰিণা, বৰতা খেৰ, সৰণখেৰ, লকচা, দূবৰি, কঁহুৱা, তৰা, ববচাবন, বিহলঙনী ইত্যাদি। প্রত্যেক জ্বলাই দিয়া হয়। তাৰপৰা বাৰিষাৰ লগে লগে তৃণভোজী জন্তুবোৰৰ বাবে নতুন ঘাঁহ ওলায়। এই জুই কাঠনি বা ডাঙৰ গছৰ হাবিৰে ভৰা অঞ্চললৈ আৰু চৰাই বাস কৰা অঞ্চলবোৰলৈ বিয়পি নাযাবলৈ যথোচিত ব্যৱস্থা লোৱা হয়। ইয়াত থকা বিল আৰু জলাশয়বোৰ বিভিন্ন ধৰণৰ জলজ উদ্ভিদেৰে ভৰি আছে। ইয়াৰ ভিতৰত দল, কলমৌ, হেলচী, বৰপুণী, সৰুপুণী, ভেট, পদুম, মেটেকা, পানীশিঙৰী আদি উল্লেখযোগ্য। বিভিন্ন প্রজাতিৰ অৰ্কিড উদ্যানখনৰ এক উল্লেখযোগ্য সম্পদ।

জীৱ-জন্তু সমূহ

ইয়াত মুখ্য আকৰ্ষণ এটা খড়গযুক্ত গঁড় যদিও ইয়াৰৰ আন এক আপুৰুগীয়া সম্পদ হ’ল দলহৰিণ। ইয়াৰ উপৰি বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী জন্তু, বনৰীয়া চৰাই, নানাবিধ সৰীসৃপ, মাছ, কাছ আদিৰো বাসস্থান। ১৯০৮ চনত গঁড়ৰ সংখ্যা আছিল ১২টা। ২০০৮ চনৰ তথ্য অনুসৰি বনৰীয়া ম’হৰ সংখ্যা ১,৬৬৬টা আৰু হাতীৰ সংখ্যা প্রায় ১,৯৪০টা। ২০১২ চনৰ লোকপিয়লমতে এই অভয়াৰণ্যত গঁড়ৰ সংখ্যা ২২৯০টা। এশিঙীয়া গঁড়, দলহৰিণ, বনৰীয়া ম’হ, বাঘ আৰু হাতী–এই পাঁচবিধ প্রাণীৰে উদ্যানখন বিশেষভাৱে গৌৰৱান্বিত। পৃথিৱীৰ ভিতৰত Kaziranga National Park বাঘৰ ঘনত্ব সৰ্বাধিক। অভয়াৰণ্যখনত থকা আন স্তন্যপায়ী জন্তুৰ ভিতৰত – হলৌ বান্দৰ, হনুমান বান্দৰ, মলুৱা বান্দৰ, সোণালী বান্দৰ, শৰপহু, খুটীয়া পহু, ভালুক, বনৰীয়া গাহৰি, শিহু, বিভিন্ন প্ৰজাতিৰ উদ, জহামাল, গেৰেলা, মেচেকা, নেউল, শিয়াল, গোধাফুটুকী, নাহৰফুটুকী, লতামাকৰি, হেপা, বনৰৌ আদিয়ে প্রধান।

পক্ষীকুল সমূহ

পমক্ষীকুলৰ বাবে এই অভয়াৰণ্য ইমান বিখ্যাত। বৰ্তমান ৪৮০ ৰো অধিক পৰিভ্ৰমী আৰু স্থানীয় চৰাই নথিভুক্ত হৈছে। অভয়াৰণ্যত বাস কৰা বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে পক্ষীৰ জগতত কাজিৰঙাৰ স্থান Corbet National Park পিছতেই দ্বিতীয় স্থানত। ইয়াত পোৱা বিভিন্ন চৰাইৰ ভিতৰত – পেলিকান, হাড়গিলা, বৰটোকোলা, ধনেশ, চিলনী, বালিমাহী, গোধাচিলনী, শগুন, মণিয়ৰী, বৰবগ, মাজুবগ, শামুকভঙা, হঁয়কলি, উলূমৰা, ঢেকৰ, ডাউক, কপৌ, কুকুহা, হুদু, দিনকণা, ধনেশ, বিভিন্ন প্ৰজাতিৰ মাছৰোকা, হেটুলুকা, বাঢ়ৈটোকা, ফেঁচু, ভাটৌ, শালিকা, বুলবুলি, মইনা, কুলি, কেতেকী, কলাখোৱা, বালিমাহী, মৌপিয়া আদি উল্লেখযোগ্য। অভয়াৰণ্য Birdlife International –ৰ দ্বাৰা Important Bird Area হিচাপে স্বীকৃত হৈছে। তদুপৰি ৰ চহলা বিলৰ কাষত পৰিভ্ৰমী চৰাই পেলিকান যথেষ্টসংখ্যক থাকে বাবে সেই ঠাইক ‘পেলিকান কলনি’ বুলি কোৱা হয়।

ৰাষ্ট্ৰীয় উদ্যানখনত ২৭টা প্রজাতিৰ সৰীসৃপ আৰু ৪২টা প্রজাতিৰ মাছ পোৱা যায়। সৰীসৃপৰ ভিতৰত অজগৰ, গুঁই, মচোৱা গোম, পানী মড়লী, ফেঁটীসাপ, ৰাজফেঁটী আদি সাপৰ লগতে বিভিন্ন প্রজাতিৰ কাছ পোৱা যায়।

যাতায়াত

ইায়াত ভ্ৰমণৰ বাবে যাতায়াত ব্যৱস্থা সুন্দৰ। ইয়াৰ মাজেৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা কঁহৰা চাৰিআলিৰ মুখ্য প্রৱেশদ্বাৰ। কঁহৰাই হ’ল ইযাৰ প্রাণকেন্দ্ৰ। গুৱাহাটীৰপৰা অভয়াৰণ্যলৈ দূৰত্ব ২১৭ কিলোমিটাৰ। ৭৫ কিলোমিটাৰ আঁতৰত আছে ফৰকাটিং ৰে’ল জংছন। ৯৭ কিলোমিটাৰ দূৰত্বত আছে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰ আৰু ১০০ কিলোমিটাৰ দূৰত্বত আছে তেজপুৰৰ শালনিবাৰী বিমান বন্দৰ। অসমৰ বাহিৰৰ পৰ্যটকসকলে গুৱাহাটীৰ বৰবাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নামি বাছেৰে কঁহৰালৈ, ৰে’লেৰে ফৰকাটিঙলৈ আৰু বিমানেৰে যোৰহাট বা তেজপুৰলৈ যাব পাৰে। কঁহৰা চাৰিআলিৰপৰা জীপ, অট’ৰিক্সা আদিৰে ল’জবোৰলৈ যাব পাৰি।

বৰ্তমান কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত বহুতো ৰিজ’ৰ্ট, হোটেল আদি গঢ় লৈ উঠিছে। কঁহৰাত পৰ্যটন বিভাগৰদ্বাৰা নিৰ্মিত অৰণ্য, বনানি, বনজ্ৰী, কুঞ্জবন আদি নামেৰে ল’জ আছে। কঁহৰা, বাগৰি আৰু আৰ্মিৰাত বন বিভাগৰ তিনিটা বঙলা আছে। কঁহৰাৰপৰা নাতিদূৰত Wild Grass নামৰ ব্যক্তিগত খণ্ডৰ এখন বিলাসী হোটেল আছে। পৰ্যটকসকলক নিচেই পুৱাতে জীপেৰে ভিতৰলৈ লৈ যোৱা হয় আৰু মিহিমুখৰ হাতীত উঠা স্থানৰপৰা হাতীৰে উদ্যানৰ মাজেদি লৈ যোৱা হয়। জীপগাড়ীৰে অভয়াৰণ্যখনৰ প্ৰায় ৪০-৫০ কিলোমিটাৰ ভিতৰলৈ সোমাই যাব পাৰি।

উদ্যানখন ভ্ৰমণৰ বাবে নৱেম্বৰ মাহৰপৰা এপ্ৰিল মাহলৈ উপযুক্ত সময় The best time to visit the park is from November to April.

পৰ্যটকৰ দৃষ্টিত

ৰ্যটকৰ দৃষ্টিত ই আকৰ্ষণীয়। এই অভয়াৰণ্য লৈ হৈছে গীত, কিতাপ আৰু তথ্যচিত্ৰ। প্ৰকৃতিবিদ ডাঃ ৰবীন বেনাজীয়ে ইয়াৰৰ প্ৰাকৃতিক সৌন্দৰ্যত বিমুগ্ধ হৈ কৈছিল, ‘যদি পৃথিৱীত স্বৰ্গ আছে, তেন্তে সেইখন কাজিৰঙা |’ তেওঁ ‘কাজিৰঙা’ নাম দি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল আৰু তথ্যচিত্ৰখন ১৯৬১ চনত বাৰ্লিন টেলিভিছনত প্রচাৰ হৈছিল। এই তথ্যচিত্ৰখনেই কাজিৰঙাক বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰে। প্ৰথমজন অসমীয়া বনবিষয়া মহীচন্দ্ৰ মিৰিয়েও অভয়াৰণ্যক বিশ্বত এক গুৰুত্বপূৰ্ণ স্থানত অধিষ্ঠিত কৰাত এক বিশেষ অৱদান যোগাইছিল।

আমেৰিকাৰ কল্প-বিজ্ঞান লেখক L. Sprague de Camp এ কাজিৰঙা ভ্ৰমণ কৰি ‘কাজিৰঙা, অসম’ নামেৰে কবিতা ৰচনা কৰিছে; ডণ ভূপেন হাজৰিকাই ‘অভয়াৰণ্যক ভয়াৱহ নহয় শীৰ্ষক গীত গাইছে। তদুপৰি হাজৰিকাই ‘কাজিৰঙা মোৰ সেউজ সপোন। আপোন কঁহৰা বাগৰি। সীমাৰ লুইত আৰু ডিফলু আপোন। আপোন মৰমী কুঠৰী। মোৰ কাজিৰঙাখনি অৰণ্য’ শীৰ্ষক গীতটি গাই ইয়াক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে৷ আন এগৰাকী কণ্ঠশিল্পী অনুপম শইকীয়া ইয়ালৈ বিহুনাম গাইছে এনেদৰে -‘কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া তুমি, কেঁচা সোণৰ টুকুৰা.’ (মৰমজান ২০০৪, ৰচনা- ৰবীন বৰা)। অৰূপ কুমাৰ দত্তই Kaziranga Trail নামৰ এখন কিতাপ লিখিছে। ১৯৫৭ চনৰ মাৰ্চৰ The National Geographic Magazine নামৰ আন্তঃৰাষ্ট্ৰীয় আলোচনীখনত উদ্যান সম্পৰ্কে লি. মেৰিময় টেলবটৰ Stalking the Great Indian Rhino শীৰ্ষক এটা প্রবন্ধ প্ৰকাশ পাইছিল। প্রবন্ধটোত কেইবাখনো ৰঙীন আৰু ক’লা-বগা আলোকচিত্ৰ সন্নিৱিষ্ট আছিল। Kaziranga National Park History in Assamese

২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত Kaziranga National Park ৰ শতবৰ্ষ উদ্যাপন কৰা হয়। ২০০৩ চনত পোন প্রথমবাৰৰ বাবে কাজিৰঙাত হস্তী মহোৎসৱৰ আয়োজন কৰা হৈছিল।

যাতায়াত ব্যৱস্থা:

যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৯৭ কি.মি. দূৰত্বৰ ব্যৱধানত থকা নিকটতম বিমান বন্দৰ আৰু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰ ২৩৯ কি.মি. দূৰত্বত অৱস্থিত। দাঁতিকাষৰীয়া নগৰ আৰু চহৰৰ পৰা কহৰালৈ পথৰ দূৰত্ব এনেধৰণৰ- যোৰহাটৰ পৰা ৮৯ কি.মি, গোলাঘাটৰ পৰা ৭৩ কি.মি., নগাওঁৰ পৰা ৯৬ কি.মি., বোকাখাতৰ পৰা ২১ কি.মি. আৰু গুৱাহাটী চহৰৰ পৰা ২১৯ কি.মি. ।

অতিথিশালা বা আবাসৰ ঠিকনা:

পৰ্যটক ল’জ আৰু ৰিজৰ্ট:

অসম পৰ্যটন বিভাগৰ অধীনত কহৰাত অৱস্থিত বনানী ল’জ, বনশ্ৰী ল’জ আৰু কুঞ্জবন ল’জ, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪২৩

অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনত অৱস্থিত অৰণ্য ল’জ আৰু প্ৰশান্তি কূটীৰ, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪২৯

ব্যক্তিগত ল’জসমূহ:  ৱাইল্ডগ্ৰাছ ৰিজৰ্ট, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২০৮৫, জি.এল ৰিজৰ্ট, বুঁঢ়াপাহাৰ, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৯৯৮২৩, দলফিন ল’জ, বোকাখাত, দূৰভাষ সংখ্যা-৯৪৩৫০ ৯৫৯৯১, কাজিৰঙা ল’জ, বোকাখাত, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৯৯৮২৩, ধনশিৰি ল’জ, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৫০১, গ্ৰীণ ৰীড, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪১৭, মা কমলা ৰিজৰ্ট, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪৩৭,বাইল্ডলাইফ চো’চাইটি, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪৯৪, হ’লি দে হ’ম, কহৰা, বন হাবি, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৬৭৫, আচাৰ্য, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২১৬৩

যোগাযোগ সম্পৰ্কীয় ঠিকনা:

যিকোনো সহায়ৰ বাবে:  ক্ষেত্ৰ বিষয়া, কাজিৰঙা অঞ্চল, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪২৮, ক্ষেত্ৰ বিষয়া, পশ্চিম অঞ্চল, বাগুৰি, দূৰভাষ সংখ্যা- ০৩৬৭২ ২৮৩৪৬৩, ক্ষেত্ৰ বিষয়া, পূৰ্বাঞ্চল, আগৰাতলী, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬৮০৩২, ক্ষেত্ৰ বিষয়া, বুঁঢ়াপাহাৰ অঞ্চল, ঘোঁৰাকাটি, দূৰভাষ সংখ্যা- ০৩৬৭২ ২৭৯০১২

তথ্য সম্পৰ্কীয় ঠিকনাৰ বাবে:  সঞ্চালক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডাক-বোকাখাট, জিলা-গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০৯৫ (ও), ২৬৮০৮৬ (বা) ফেক্স-২৬৮০৯৫, ইমেইল- unicornis@sancharnet.in, মহকুমা বন বিষয়া, পূব অসম বন্যজন্তু বিভাগ, ডাক-বোকাখাট, জিলা গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০০৭ (ও) ২৬৮০৪১ (বা), এ চি এফ আৰু ডব্লিউ এল আৰ ও পূব অসম বন্য জন্তু বিভাগ, ডাক, বোকাখাট জিলা গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০০৭

Website: Click here to visit the website.

Best season for a visit: 

November to April

Article References

  • National Park, Kaziranga. “Kaziranga National Park and Tiger Reserve”. Kaziranga National Park. our My India and Peak Adventure Tour. Retrieved 6 April 2019
  • “Kaziranga National Park–Animal Survey”. Kaziranga National Park Authorities. Archived from the original on 7 August 2008. Retrieved 23 August 2008.
  • Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  • Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
  • Something I collected from Wikipedia

Article Disclaimer

  • Learning, Awareness and Education is the purpose of this Blog/Website.
  • If there is any mistake or error please kindly inform us, thanks

You can Read Also

Leave a Comment

Your email address will not be published. Required fields are marked *