বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্যৰ ইতিহাস | Bordoibam Bilmukh Bird Abhayaranya History Essay in Assamese

বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য Bordoibam Bilmukh Bird Sanctuary in Assamese

গুৱাহাটীৰপৰা প্ৰায় ৪৪৫ কিলােমিটাৰ আৰু উত্তৰ লখিমপুৰ চহৰৰপৰা প্রায় ৫০ কিলােমিটাৰ দূৰত্বত অৱস্থিত বৰদৈবাম বিলমুখ অভয়াৰণ্য অসমৰ দ্বিতীয়খন পক্ষী অভয়াৰণ্য। ১৯৯০ চনত ঢকুৱাখনা মহকুমাৰ প্রথমগৰাকী মহকুমাধিপতি তথা বিশিষ্ট পক্ষীবিজ্ঞানী ড° আনােৱাৰউদ্দিন চৌধুৰীৰ পৰামৰ্শৰ ভিত্তিত স্থানীয় ইক’লজিকেল ষ্টাডি চেণ্টাৰ, মেগামিক্স নেচাৰ ক্লাব, উত্তৰ লখিমপুৰ বন বিভাগ আৰু অঞ্চলতােৰ ৰাইজে বৰদৈবাম বিলমুখত এখন পক্ষী অভয়াৰণ্য গঠন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্য চৰকাৰক আৱেদন জনায়। ফলস্বৰূপে ১৯৯৬ চনৰ ৩ জুলাইত তদানীন্তন ৰাজ্যপালৰ নির্দেশমর্মে ৰাজ্য চৰকাৰৰ বন বিভাগৰ অধিসূচনা নং FRW15/96/3A-ৰ জৰিয়তে বন্যপ্রাণী আইন ১৯৭২ ৰ (সংশােধন ১৯৯১) অনুচ্ছেদ ১৮(১)-ৰ প্ৰয়ােগেৰে বৰদৈবাম বিলমুখ অভয়াৰণ্যক পক্ষী উদ্যানৰ স্বীকৃতি দিয়া হয়।

Bordoibam Bilmukh Bird Sanctuary

উদ্যানখনৰ পূবে ১২ৰ পৰা ৩০ নং আৰু ১ৰ পৰা বিলমুখৰ ৮নং খুঁটিলৈকে চাহবাগিচাৰ কাষেদিন নদী পুঁতি আৰু মাঝি গাঁৱেদি পূবৰ বাঁহনি এডৰাৰ চুকলৈকে। পশ্চিমে ১২ৰ পৰা মেদক গাঁও-মৰিয়নি গাঁৱৰ তিনি

আলিলৈকে। উত্তৰে টেঙামৰা পথাৰ, টেঙামৰা গাঁও আৰু ১৭-ৰ পৰা ১২ নং খুঁটিলৈকে। আনহাতে দক্ষিণে ৮ৰ পৰা বিলপুৰৰ ১২ নং খুঁটিৰ গড়কাপ্টানি পথৰ কাষলৈকে।

পক্ষী অভয়াৰণ্যখনৰ ভৌগােলিক অৱস্থান ২৭°20 উত্তৰ অক্ষাংশ, আৰু ৯৪°26 পূর্ব দ্রাঘিমাংশ। সাগৰপৃষ্ঠৰপৰা ইয়াৰ উচ্চতা ৫০-৫৫ মিটাৰ। বিভিন্ন প্রজাতিৰ বনৰীয়া চৰাইৰ বাসস্থান এই অভয়াৰণ্যখনে লখিমপুৰ আৰু ধেমাজি জিলাৰ প্রায় ১১.২৫ কিলােমিটাৰ অঞ্চল আগুৰি আছে। অভয়াৰণ্যখন ঢকুৱাখনা মহকুমাৰ ঘিলামৰা ৰাজহচক্ৰৰ অন্তৰ্গত।

বৰদৈবাম বিলমুখ পক্ষীৰ জলবায়ু

অভয়াৰণ্যখনৰ বার্ষিক উষ্ণতা গড় হিচাপত সর্বোচ্চ ৩৫° চেলছিয়াছ আৰু সর্বনিম্ন ১১ চেলছিয়াছ। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ২,০০০ মিলিমিটাৰৰপৰা ৩,৫০০ মিলিমিটাৰ আৰু আদ্রতা শতকৰা ৭১ৰপৰা ৯৩ শতাংশ।

বৰদৈবাম বিলমুখ পক্ষীৰ পক্ষীকুল

শীতকালত অহা পৰিভ্ৰমী চৰাইকে ধৰি বৰদৈবামত এতিয়ালৈকে প্রায় ১৮১বিধ বিভিন্ন প্রজাতিৰ বনৰীয়া চৰাই নথিভুক্ত কৰা হৈছে। বিভিন্ন প্রজাতিৰ চৰাইৰ ভিতৰত পানীডুবি, ভেলা, পানীকাউৰী, দৈকলা, মণিয়ৰী, হালখেদা, কণামুচৰি, ৱাকচৰাই, গােবগ, বব্বগ, ইটাগুড়ীয়া, শামুকভঙা, তেলীয়াসাৰেং, বৰটোকোলা, হাড়গিলা, কণুৱা, দেও ৰাজহাঁহ, ধৃতৰাজ, শৰালি, বৰশৰালি, চাকৈচকোৱা, দীঘলনেজী, ঘিলাহাঁহ, ফুটুকীহাহ, খন্তীয়া হাঁহ, ৰঙামূৰী হাঁহ, কুৰুৱা, উকহ, মটীয়া চিলনী, বিভিন্ন প্রজাতিৰ

মাছৰােকা, ডাউক, দলপুঙা, দলম’ৰা, টেক, কামচৰাই, নলর্টেকৰ, হঁয়কলি, সখিয়তী, বালিঘোঁৰা, বালিমাহী, গঙাচিলনী, ৰামপাৰ, বতাহী, তেলটুপি, ফেঁচু, কাওচৰাই, পৰঘুমা, হাইঠা, কপৌ, মৌখােৱা, ঘৰশালিকা, চুটিয়া শালিকা, কাণকুৰিকা, পাতিকাউৰী, টোকাউৰী, বুলবুলি আদিয়েই প্রধান। পক্ষী নিৰীক্ষণৰ বাবে অভয়াৰণ্যখনত এটা ৩৫ ফুট উচ্চতাৰ পক্ষী নিৰীক্ষণ স্তম্ভ আছে।

বৰদৈবাম বিলমুখ পক্ষীৰ উদ্ভিৰাজি

অভয়াৰণ্যখনত পােৱা বিভিন্ন প্রজাতিৰ উদ্ভিদৰ ভিতৰত শিমলু, চতিয়না, চোম, হিজল, জৰি, ঔটেঙা, ভেট, মেটেকা, দল, কলমৌ, পুণী, শিঙৰী, এৰালি, ইকৰা, উলুখেৰ, নল, খাগৰি, বিৰিণা, বৰতাখেৰ, কঁহুৱা, লকচা ইত্যাদিয়েই প্রধান।

অভয়াৰণ্যখন স্তন্যপায়ী প্রাণী, সৰীসৃপ, উভচৰ প্রাণী আৰু মাছকে মুখ্য কৰি বিভিন্ন প্রজাতিৰ শামুক, পােক-পতংগ আদিৰাে বাসস্থান। ভ্ৰমণৰ উপযুক্ত সময়ঃ নৱেম্বৰ মাহৰপৰা মার্চ মাহলৈ অভয়াৰণ্যখনত পক্ষী চোৱাৰ উপযুক্ত সময়।

যাতায়াত

অভয়াৰণ্যখন যিহেতু লখিমপুৰ আৰু ঢকুৱাখনা সংযােগী পথৰ মাজত অৱস্থিত, সেয়ে লখিমপুৰ চহৰলৈ বাছ বা বিমানেৰে আহি চহৰখনৰপৰা স্থলপথেৰে অহা-যােৱা কৰিব পাৰি। ঢকুৱাখনাৰপৰা অভয়াৰণ্যখনলৈ ২৫ কিলােমিটাৰ। এই অভয়াৰণ্য ভ্রমণকাৰীৰ বাবে থকামেলাৰ সুন্দৰ ব্যৱস্থা আছে। বিলমুখত এটা পৰিদর্শন বঙলা, ৯ কিলােমিটাৰ দূৰত্বৰ গােগামুখত এটা পর্যটক গৃহ, ১০ কিলােমিটাৰ দূৰত্বৰ ঘিলামৰাত গড়কাপ্তানী বিভাগৰ এটা পৰিদর্শন বঙলা আৰু ঢকুৱাখনাত মেগামিক্স প্রকৃতি সংঘৰ অতিথিকক্ষ আছে।

কিদৰে যাব:

লক্ষীমপুৰ (লীলাবাৰী) বিমানবন্দৰটো ৫৪ কিলোমিটাৰ দূৰত।

ক’ত থাকিব:

হোটেল গ্ৰীণভিউ, উত্তৰ লক্ষীমপুৰ, টেলি (০৩৭৫২)২২২৫৯, হোটেল মুনলাইট, উত্তৰ লক্ষীমপুৰ, টেলি (০৩৭৫২)২৪৪২৩৫, ২৪২৩২৪

দৰ্শনৰ বাবে কাক যোগাযোগ কৰিব:

ডিভিজনেল ফৰেষ্ট অফিচাৰ, ধেমাজী ডিভিজন, ধেমাজী, টেলি- (০৩৭৫৩)২২৫০২৬(অ) আৰু ডিভিজনেল ফৰেষ্ট অফিচ, লক্ষীমপুৰ ডিভিজন, উত্তৰ লক্ষীমপুৰ, টেলি (০৩৭৫২)২৩০২৭২(অ)

ভ্রমণৰ বাবে উত্তম বতৰ:

ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী.

You can Also Read

References

  1. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  2. And I collected from Wikipedia
  • Learning, Awareness and Education is the purpose of this Blog/Website.
  • If any mistake or error please kindly inform usthanks

Leave a Comment

Your email address will not be published. Required fields are marked *