উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য | North Karbi Anglong Wildlife Sanctuary History Essay in Assamese

উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য North Karbi Anglong Wildlife Sanctuary in Assamese

North Karbi Anglong Wildlife Sanctuary

কাৰ্বি আংলং জিলাৰ বােকাজান মহকুমাৰ অন্তৰ্গত উত্তৰ কার্বি আংলং অভয়াৰণ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰায় ৯৬ বর্গ কিলােমিটাৰ (৯৬০০ হেক্টৰ) অঞ্চল আগুৰি আছে। ২০০০ চনৰ ২১ জুলাই তাৰিখে অসম চৰকাৰে এক অধিসূচনা অনুযায়ী এই অৰণ্য অঞ্চলক অভয়াৰণ্যৰূপে ঘােষণা কৰে। সাগৰপৃষ্ঠৰপৰা অভয়াৰণ্যখনৰ উচ্চতা ঠাই ভেদে ৮০ৰপৰা ৫০০ মিটাৰ।

জলবায়ু

অভয়াৰণ্যখনৰ জলবায়ু ক্রান্তীয় সেমেকা। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ১৮০০ মিলিমিটাৰতকৈ কম, গড় সর্বোচ্চ তাপমাত্রা ৩৪° চেন্টিগ্রেড আৰু সর্বনিম্ন তাপমাত্রা ৬ চেন্টিগ্রেড। North Karbi Anglong Abhayarana in Assamese

উদ্ভিদ

অভয়াৰণ্যখনত ক্রান্তীয় অর্ধ চিৰসেউজ আৰু ঠায়ে ঠায়ে ক্রান্তীয় সেমেকা পর্ণপাতী অৰণ্যই আগুৰি আছে। তদুপৰি অভয়াৰণ্যখনৰ এক বৃহৎ অঞ্চল বাঁহগছেৰে আগুৰি আছে। হলখ, খকন, ভেলেউ, শিলিখা, ঔ-টেঙা, পমা, বাঁহ আদি প্রধান উদ্ভিদ।

জীৱ-জন্তু

অভয়াৰণ্যখন নানা স্তন্যপায়ী বন্যজন্তুৰৰ বাসস্থান। বাঘ, নাহৰফুটুকী, গােধাফুটুকী, লতামাকৰি, হেপা, শৰপহু, সুগৰী পহু, হাতী, বনগৰু, দেও ছাগলী, ভালুক, হলৌ বান্দৰ, হনুমান, লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, মলুৱা বান্দৰ, জাতি বান্দৰ, ৰাং কুকুৰ, হামাল, বনৰৌ, নেউল, শিয়াল আদি এই অভয়াৰণ্যত পােৱা যায়। North Karbi Anglong Abhayarana in Assamese

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে এই অভয়াৰণ্যখন লাগি থকা বাবে বানপানীৰ সময়ত কাজিৰঙাৰ গড়, ভালুক, বনৰীয়া ম’হ, খটীয়া পহু, শৰপহু আদিয়ে ইয়াত আশ্রয় লয়।

চৰাই-চিৰিকটি, সৰীসৃপ

উত্তৰ কাৰ্বি আংলং অভয়াৰণ্যখনত বৰ্তমানলৈকে ৩০০ৰাে অধিক চৰাই নথিভুক্ত কৰা হৈছে। বিভিন্ন প্রজাতিৰ চৰাইৰ ভিতৰত ৪টা প্ৰজাতিৰ ধনেশ, হাইঠা, পৰঘুমা, ভীমৰাজ, শালিকা, চুটিয়া শালিকা, মইনা চৰাই, সখিয়তী, বিভিন্ন প্রজাতিৰ ভাটৌ, কপৌ, কেঁচু, বুলবুলি, ৰূপহী চৰাই, ঈগল, বাঢ়ৈটোকা, হেঁটুলুকা, ফেঁচা, হুদু আদি উল্লেখযােগ্য।

ইয়াৰ উপৰি বিভিন্ন প্রজাতিৰ সৰীসৃপ আৰু উভচৰ প্রাণীৰাে বাসস্থান এই অভয়াৰণ্য। সৰীসৃপৰ ভিতৰত শিলকাছ, অজগৰ, ফেঁটীসাপ, ৰাজফেঁটী, গুই আদি উল্লেখযােগ্য।

অভয়াৰণ্যখনৰ কোনাে কোনাে অঞ্চলত জনগােষ্ঠীয় লােকসকলে ঝুম খেতি কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে হােৱাৰ বাবে পৰ্যটকৰ বাবে কঁহৰা নাইবা বাগৰিত বিভিন্ন চৰকাৰী বা বেচৰকাৰী অতিথিগৃহ, পর্যটন নিৱাস, বন বিভাগৰ পৰিদৰ্শন বঙলা আৰু কঁহৰাত কাৰ্বি আংলং জিলাৰ ভূমি সংৰক্ষণ বিভাগৰ এটা পৰিদর্শন বলা আছে।

ভ্ৰমণৰ সময়

বছৰৰ সকলাে সময়তে এই অভয়াৰণ্য ভ্ৰমণ কৰিব পাৰি যদিও অক্টোবৰ মাহৰপৰা মার্চ মাহলৈকে উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ভ্ৰমণৰ বাবে বেছি সুবিধাজনক। North Karbi Anglong Abhayarana in Assamese

যােগাযােগৰ ঠিকনা

 Divisiona Forest Officer, Karbi Anglong East Division, P. O. Diphu, Karbi Anglong, Assam.

You can also Read

References

  1.  Barua and Sharma, Maan and Pankaj. “The birds of Nameri National Park, Assam, India” 
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
  4. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Comment

Your email address will not be published. Required fields are marked *